এতিয়া ব'হাগৰ বতৰ। এই ব'হাগতে যুগ্ম জীৱনৰ পাতনি মেলে বহুতে। এনেহেন ব'হাগত দেশত অব্যাহত তৃতীয় পৰ্যায়ৰ লকডাউন। লকডাউনৰ পূৰ্বে বহুতে ঠিক কৰিছিল বিয়াৰ দিন। কিন্তু কোৰোনা ভাইৰাছে থানবান কৰি দিলে বহু যুৱক-যুৱতীৰ সপোন।
তাৰ মাজতে শুকুৰবাৰে শিৱসাগৰত সম্পন্ন হ'ল এখন ব্যতিক্ৰমী বিয়া। মুখত মাস্ক পিন্ধি ডিব্ৰুগড়ৰ পৰা আহিল দৰা।
দিনৰ ভাগতে দহগৰাকী আত্মীয়ক লৈ দৰা বিতোপন দত্ত আহি উপস্থিত হ'ল শিৱসাগৰ বানমুখ মটক গাঁৱৰ কইনা স্নিগ্ধা গগৈৰ পদূলিত।
ছেনিটাইজাৰেৰে হাত চাফা কৰি দৰা সহিতে সকলোৱে মুখত মাস্ক পিন্ধি প্ৰৱেশ কৰিলে কইনাঘৰত। কইনাঘৰীয়ায়ো মুখত ব্যৱহাৰ কৰিলে মাস্ক। কইনা ঘৰত নাই কোনো আড়ম্বৰতা।
তেনেদৰেই সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ চেষ্টাৰে অসমীয়া সমাজৰ মাংগলিক কাৰ্যৰে সম্পন্ন হয় বিতোপন-স্নিগ্ধাৰ শুভ বিবাহ।